Tuesday, July 30, 2013

দেওবৰীয়া চিঠি


আপুনি বাৰু হোষ্টেলত জুনিয়ৰ হৈ কেতিয়াবা দিন পাৰ কৰিছেনে???
................................................................................................

মই যেতিয়া হোষ্টেলত জুনিয়ৰ আছিলো তেতিয়া একদম সৰুফুটীয়া আছিলো। সকলোৱে মোক পোৱালি বুলি মাতিছিল। যি কোনো কামতে অই পোৱলি এইফালে আহ, অই পোৱলি সেইফালে যা মুঠতে মোৰ ৰক্ষা নাছিল। দোকানৰ পৰা চাদা, চিগাৰেট, চাবোন, চেম্পুৰ পৰা আদি কৰি দাদা সকলে বাইদেউ সকলক লৈ ৰেষ্টুৰেন্তত খাবলৈ যাওতে পিন্ধি যোৱা কাপোৰ যোৰলৈকে ইস্তি কৰি সকলো মইয়ে আনি দিব লাগিছিল। তাতোতকৈ ডাঙৰ কথাটো কি জানেনে মই সেই সময়ৰ বিখ্যাত পিয়ন আছিলো। দাদা সকলৰ প্ৰেম পত্ৰবোৰ গাৰ্লচ হোষ্টেলত মইয়ে বিলাব লাগিছিল। এনে কামবোৰ কৰিব লগা হোৱাত ভাবিছিলো যে আগৰ জনমটোত চাগে বৰ ডাঙৰ পাপ কৰিছিলো আৰু এতিয়া তাৰ ফল ভোগ কৰি আছো। যি কি নহওক “ডাঙৰক সন্মান কৰিব লাগে, ডাঙৰৰ কথা শুনিব লাগে” জাতীয় আদৰ্শৰে অনুপ্ৰানিত হৈ যিমান পাৰি সকলো কৰি গৈছিলো।

সেই সময়ৰ আটাইতকৈ জনপ্ৰিয় প্ৰেম আছিল ৰঞ্জনদাৰ। ৰঞ্জনদা আৰু ৰশ্মিবাৰ প্ৰেম বোলে ইমানেই সাংঘাটিক আছিল যে জংকি-পানৈ, ৰোমিঅ-জুলিয়েট, শিৱ-পাৰ্বতী আদি প্ৰেম বোৰেও হেনো সিহতৰ প্ৰেমৰ ওচৰত হাৰ মানিছিল। কলেজৰ গছ বনবোৰও হেনো সিহতৰ প্ৰেমৰ কথা গম পাইছিল। আৰু ৰঞ্জনদাৰ সেই বিখ্যাত প্ৰেমত প্ৰধান অনুঘটক আছিল এই অভাজন কিয়নো সিহতৰ সকলো প্ৰেম পত্ৰ মোৰ দ্বাৰাই পৰিবেষিত হৈছিল।

ৰঞ্জনদা আৰু ৰশ্মিবাৰ প্ৰেমৰ এটা বিশেষ বিষেষত্ব আছিল ৰঞ্জনদাই প্ৰ্তি দেওবাৰে লিখা তেজৰ চিঠিখন। এই প্ৰেম বোলা বস্তুটো কিন্তু বৰ আচৰিত দেই। কোনোবা ৰোগী এজনক প্ৰয়োজনত অকনমান তেজ দিব লগা হ’লে চিঞৰ বাখৰ লগোৱা ল’ৰা এটাও যদি প্ৰেমত পৰে সিও কিন্তু গাৰ্লফ্ৰেন্দ লৈ চিঠি লিখিবলৈ তেজ উলিয়াবলৈ অকনো কেৰেপ নকৰে। মোৰো বিৰাট ভাল লাগিছিল ৰঞ্জনদাহতৰ প্ৰেমক। মইয়ো ভাবিছিলো যে মই যাক ভাল পাম তাইলৈয়ো তেজেৰে চিঠি লিখিম।

ৰঞ্জনদাৰ সেই তেজেৰে লিখা চিঠি খনৰ কাৰণে গাৰ্লচ হোষ্টেলৰ ছোৱালীবোৰে হেনো ৰশ্মিবাক বহুত হিংসা কৰিছিল। কৰিবতো; নিজৰ গাৰ তেজেৰে কাৰোবালৈ চিঠি লিখাটো সৰু কথা নেকি?? ৰশ্মিবা কিমান লাকি হ’ব লাগিব!!

তেনেদৰে মই প্ৰতি দেওবাৰে দুবাল্টিমান পানী দি ৰন্ধা হোষ্টেলৰ সেই ব্ৰইলাৰ মাংসৰ জুতি লগাই খুৱা ভাত সাজৰ পাছতেই বিখ্যাত তেজেৰে লিখা চিঠিখন লৈ গাৰ্লচ হোষ্টেলৰ সন্মুখত অলপ সময় পাৰ কৰিব লগা হৈছিল। কিন্তু কোনোবা এটা অক্তোবৰ মাহৰ দেওবাৰৰ আবেলি ৰঞ্জনদাই মোক এখন নৰ্মেল চিঠি দি গ’লহি। মোৰ সেইদিনা আচৰিত হোৱাৰ পাল। “আজি আকৌ কি হ’ল”। সেইদিনা গাৰ্লচ হোষ্টেললৈ যাবলৈ মন যোৱা নাছিল। হ’লেও কিবা চাগে প্ৰেমত সচৰাচৰ উপলব্ধ মান আভিমান বুলি ভাবি চিঠি খন দি আহিছিলো।

সেইদিনা বিনা তেজৰ চিঠিখন লৈ আমাৰ হোষ্টেলৰ চিনিয়ৰ সকলৰ মাজত এটা মিহি পয্যালোচনা চলিছিল। আমিও আচৰিত হৈ চিঠিখনৰ কথাকে পাতি পাতি ৰান্ধনি ঘৰৰ ওচৰৰ কুৱাটোত সন্ধ্যা হাত মুখ ধুই আছিলো। আমাৰ কথাবোৰ শুনি আমাৰ হোষ্টেলৰ ৰান্ধনি বৰাদাই হঠাৎ মোক একাষৰীয়াকৈ মাতি আনিলে। “আজি ৰঞ্জনে কিয় তেজেৰে চিঠি লিখিব নোৱাৰিলে জানানে?”, বৰাদাই মোক সুধিলে। মই নাজানো বুলি কোৱাত বৰাদাই ক’লে, “কিয় পাহৰিলা নেকি বাৰ্ডফ্লুৰ কাৰণে আজি দিনত হোষ্টেললৈ ব্ৰইলাৰ অনা বন্ধ আছিল বুলি??”। বৰাদাৰ কথাষাৰ শুনাৰ পাছত মোৰ ভৰিৰ তলৰ পৰা পৃথিবী খন নাইকিয়া হোৱা যেন লাগিছিল।

Wednesday, July 24, 2013

বিজুতিৰে এসাজ


ঘটনাটো কেইদিন মান আগৰ। সিদিনা জুৱেল আহিছিল গুৱাহাটীলৈ। সি মোৰ আটাইতকৈ ভাল বন্ধু। তাৰ চাকৰি অ’ এন জি ছিত, সি যোৰহাটত থাকে। কিবা এটা কামৰ কাৰণেহে গুৱাহাটীলৈ আহিছে। সি যোৰহাটৰ পৰাই ফোন কৰি ক’লে যে দিনৰ ২ টাত আই এচ বি টি পাবহি। গতিকে মই টাইমত ৰৈ থাকিব লাগিব। কথামতেই মই একদম টাইমত ৰৈ আছো আৰু যথাসময়ত সি আহি পালেহি। তাক বাইকত উঠাই লৈ ৰুমলৈ যাও বুলোতেই সি অলপ গুৱাহাটী খন ফুৰি যাও বুলি ক’লে। মইয়ো ঠিক আছে বুলিকৈ জালুকবাৰীৰ ফালে বাইক ঘুৰালো। তাক বহুত দিনৰ পাছত লগ পাইছো। এনেও মই অলপ বেছি কথা কও তাক লগ পোৱাৰ পৰা একেৰাহে মোৰ মুখ খন বাজি আছে। আজিকালি চব দেখোন হ’ট টপিক। যিমান পাতিলেও শেষ নহয় কথাবোৰ। আমি দেশৰ ৰাজনীতিৰ প’ৰা আৰম্ভ কৰি গুৱাহটীৰ ধুনীয়া ছোৱলীবোৰলৈকে কাকো বাদ নিদিলো।
কথা পাতি পাতি আমি কেতিয়া আহি গনেশগুৰি পালোহি গমেই নাপালো। ফটকৈ মনত এসাজ জুতি লগাই খোৱাৰ ইচ্ছা জন্মিল। ভাবিলো যেতিয়া আৰু ৰবলৈ নাই। ছলমান খানৰ “এক বাৰ কমিটমেন্ট কৰ দিয়া টু অপনে আপ কা ভি নেহি চুনতা হো” টাইপৰ আদৰ্শৰে অনুপ্ৰানিত হৈ গনেশগুৰি বজাৰত সোমালো, মিছন হাহ আৰু কোমোৰা। হাহ বেপাৰীৰ লগত অসংখ্য শব্দৰ শৰ প্ৰয়োগ কৰি শেষত এটা হাহ লৈ ৰুম পালো। লগে লগে মই যাবতীয় যা যোগাৰ কৰাত লাগি গলো। জুৱেলে হাত মুখ ধুই লৈ মই কি কৰি আছো এবাৰ নিৰীক্ষণ কৰিলে। মই মনপুতি কামত লাগি থকা দেখি মোক আমনি নাকৰো বুলি ভাবি সি তাৰ গাৰ্লফ্ৰেন্দক দৈনিক আপদেট দিও বুলি তাৰ ম’বাইলটো বিচাৰিলে। ভালেমান সময় ধৰি বিচাৰি তাৰ ম’বাইলটো নাপায় মোক জনালে। মই মোৰ ম’বাইলটো উলিয়াই তাৰ নম্বৰটো ডায়েল কৰিলো। “ইচ লাইন কি ছভি ৰউট আভি ব্যস্ত হে, কৃপায়া থ’ৰি দেৰ বাদ কুছিছ কিজিয়ে” বুলি বাইদেউ জনীয়ে কোৱাত লাইনটো কাটি দিলো। আকৌ লগালো। এইবাৰ ৰিং হৈছে। ক্ৰিং ক্ৰিং কৰি বহুত সময় বাজি থাকিল। দুয়োটাই ৰুমৰ ভিতৰত ক’ৰবাত তাৰ ৰিংটনটো শুনা পাও বুলি চুক কোণবোৰ পৰীক্ষা কৰিলো। ক্ৰিং ক্ৰিং শেষ কৰি আকৌ বি এছ এন লৰ বাইদেউৱে কথা কবলৈ আৰম্ভ কৰিলে কিন্তু তাৰ ম’বাইলৰ ৰিংটনটো ক’তো নুশুনিলো। ধিপিং কৈ মনলৈ ভয় এটা সুমাই আহিল। ক’ৰবাত পৰি অহা নাইটো। এক সপ্তাহ মান আগত ৪১,০০০ টকা দি সি ছেমছাং এছ ৪ ম’বাইলটো কিনি মোলৈ নতুন ম’বাইল এটা কিনিলো বুলি ফোন কৰা কথাটো মনলৈ আহি গ’ল। “বজৰং বলীকি জেই”, “শনি দেৱ কি জেই” ফটাফট যিমান দেৱতাৰ নাম মনলৈ আহে সকলোকে এবাৰ শ্মৰণ কৰি আকৌ এবাৰ তাৰ নম্বৰটো ডায়েল কৰিলো। অলপ সময় ৰিং কৰাৰ পাছত কোনোবা অচিনাকি মাতেৰে এজনে “হেল্ল’” বুলি ক’লে। মুখলৈ অলপ পানী অহা যেন লাগিল। মই যিমান পাৰো সিমান মিঠা মাতেৰে কথা পাতিবলৈ আৰম্ভ কৰিলো।
: হেল্ল’, “দাদা মই বেলতলাৰ পৰা কৈ আছিলো, মবাইলটো মানে মোৰ আছিল”, মই ৰিপ্লাই দিলো।
: “অ’ মই বৰা চাৰ্ভিছৰ ওচৰত পৰি থকা দেখি ৰাখি থ’লো”, মানুহজনে ক’লে।
মই ভগৱানক খৰধৰকে “থেংক ইউ” এটাকে দি দিলো কিয়নো ম’বাইলটো ৰাস্তাত পৰি আহিছিল যদিও ভাল মানুহ এজনৰ হাতত পেলাই দিছে।
: “দাদ মই আপোনাক ক’ত লগ পাম, মানে ম’বাইলটো ল’ব লাগিছিলতো”, মই ক’লো।
: “এহ আপুনি এটা কাম কৰক”, মানুহ জনে আৰম্ভ কৰিলে। “মোক এটা ভাল ম’বাইলৰ দৰকাৰ হৈ আছিল এইটো মইয়ে ৰাখি থৈ দিও আপুনি বেলেগ এটাকে কিনি ল’ব । ছিমটো বাৰু ইউজ নকৰো, মই ভাঙি পেলাই দিম আৰু মোলৈ ফোন চোন কৰি নাথাকিব”, মানুহ জনৰ স্পষ্ট কথা।
কথা কেইটা শেষ হোৱালৈ মোৰ মুৰটো আচন্দাই আহিল। কি যে দিন আহিল। এনেকোৱাও মানুহ থাকেনে বাৰু! দুয়োটাই বহুত সময় এটা শব্দ নকৰাকৈ বহি থাকিলো। সেইদিনা আৰু জুতি লগাই খোৱা নহ’ল। ভগৱানলৈয়ো খং এটা উঠিছিল, কিয় বাৰু জুতিৰ এসাজটোত বিজুতি লগাব লাগে????

Friday, May 31, 2013

ধন্যবাদ "ঋত্বিকা ৰয়"



আজি "আমাৰ অসম"ত (০১-০৬-২০১৩) শিক্ষামন্ত্ৰীলৈ এগৰাকী অসহায় ছাত্ৰীয়ে লিখা মুকলি চিঠি খন পঢ়িলো। মনতো বেয়া লাগিল। সচাকৈ  শিক্ষামন্ত্ৰী মহোদয়ে আমাৰ শিক্ষা ব্যৱস্থাটোক সঠিক দিশত আগুৱাই নিব পাৰিছেনে ? "ছেবা"ই আমাৰ ছাত্ৰ ছাত্ৰী সকলৰ জীৱনক লৈ হেতালি খেলা বন্ধ কৰিব পাৰিবনে ? উত্তৰ বহী গৰুৱে খোৱাৰ পৰা বচাব পাৰিলেই বা চি বি এচ ই তলৈ দুদিন আগত ৰিজাল্ট দিলেই  শিক্ষা ব্যৱস্থাৰ উন্নতি নহয়।  মোৰ যিমান দুৰ মনত পৰে  ছাত্ৰ ছাত্ৰীয়ে শিক্ষামন্ত্ৰীলৈ চিঠি লিখাৰ দৰে ঘটনা আগতে হোৱা নাছিল। যি কি নহওক "ঋত্বিকা ৰয়" লৈ বহুত ধন্যবাদ জনাইছো। মোৰো জানিব মন গৈছে যে  শিক্ষামন্ত্ৰীৰ নিজৰ ল'ৰা ছোৱালী ছেবাৰ অধীনৰ স্কুলত পঢ়ি আছে নেকি আৰু যদি পঢ়ি আছে   সিহতি যদি ০.০০১ % ভুলৰ মাজত পৰে তেতিয়া কি ব্যৱস্থা লব ?  তোমাৰ এই সাহসী চিঠিখনে পৰিবৰ্তন আনিব বুলি আশা কৰিছো। 

Wednesday, May 29, 2013

“হায় !!!! মোৰ কপাল”



সিদিনা ১১ অক্টোবৰৰ আবেলি অফিচৰ পৰা ৰুমলৈ (বেলতলাত থকা ভাৰাঘৰলৈ) আহি আছো। মোৰ অফিচ বৰাগাৱত হোৱা বাবে সদায় হাইৱে (নং ৩৭) হৈ আহো। এটা বিশেষ কাম থকাৰ বাবেহে সেইদিনা চিটিৰ মাজেদি আহিব লগা হল। দিনতো অফিচত গাধ খাটন দি ৰুমলৈ আহোতে বৰ ভাগৰ লাগে তাতে অভাৰ টাইম দিউটি থাকিলে মনটো মৰি যায়। বাইক খন ২০ কি. মি./ প্ৰ্তি ঘন্টা মান স্পীডত চলাই আহি আছো, মনতে ভাবি আহিছো ৰাতিলৈ কি ৰান্ধিম। সন্ধিয়া সময়ত মানুহৰ সাংঘাতিক ভিৰ হয়। এইতো সময়ত জি. এছ. ৰোডত (G. S. Road) অহা যোৱা কৰাতো বৰ দিগদাৰ। তথাপিতো সোনকালে ৰুম গৈ পোৱাৰ অশাত লাহে লাহে আহি আছো।
হঠাৎ পাচফালৰ পৰা চাইৰেন বজাই আহিল কনভয় এটা। কনভয়টো বেছি ডাঙৰ নহয়। ততাতৈয়াকৈ দেশৰ ৰক্ষক আহিছে বুলি চাইড দিবলৈ যত্ন কৰিলো। তেখেত সকল বৰ ব্যস্ত মানুহ আমাৰ দৰে জামত ফচি থাকিব নোৱৰে। বহুত কাম থাকে (?)। মানুহৰ ভিৰ ফলি যেনেতেনে অকনমান ঠাই উলিয়াই চাইড দিওতে মোৰ অলপ দেৰি হৈ গল। তেনেতে দেখো প্ৰ্থম ৰখীয়া গাড়ীখন (Escort Car) মোৰ একেবাৰে কাষ পালেহি। লগে লগে গাড়ীৰ পৰা মাত আহিল, “অই চাইড হৈচ নাই” আৰু দুই এটা তেখেতলোকৰ তথা কথিত মৰমত মতা শব্দ (?)। মই যিমান পাৰো সিমান ৰাস্তাৰ কাষলৈ যাবলৈ যত্ন কৰিলো কিন্তু ইমান ভিৰ মই চাইড দিব পৰা নাই। এনেতে ৰখীয়া গাড়ীখনৰ পৰা এজনে হাতত থকা দীঘ্ল লাঠীডাল উলিয়ই লৈ মোৰ হাতত তাৰ গাৰ জোৰেৰে এটা কোব মাৰিল আৰু মোক খুন্দা মাৰো যেন হৈ আগ বাঢ়িল।
মনতো অলপ সেমেকি উঠিল। হলেও দেশৰ ৰক্ষক যাওতে খেলিমেলি কৰা কাৰণে কোবতো খালো বুলি নিজকে নিজে সান্তনা দিলো। তাৰ পাছত যি দেখিলো মোৰ চকু কপালত উঠিল। গাড়ীখন দেখুন ৰৈ গ’ল আৰু গাড়ীৰ পৰা এগৰাকী মেডাম নামি “চ’হম ফেমিলি চ’প” (SOHUM Family Shop) লৈ সোমাই গ’ল। মই বাইক খন ৰখাই সেইখিনিত ৰৈ থকা মানুহ এজনক সুধিলো, “এখেত কোন হয়?”। মানুহ জনে উত্তৰ দিলে, “এইয়া আমাৰ..................চাৰৰ পৰিবাৰ”। মনতো বহুত বেছি বেয়া লাগিল। নিজৰ ওপৰত ধিক্কাৰ জন্মিল। হায় মোৰ কপাল মই কি দেশত জন্ম ল’লো য’ত কৰোবাৰ পৰিবাৰে বজাৰ কৰিবলৈ গলেও আমি চুপ হৈ ৰাস্তা এৰি দিব লাগে।