Tuesday, July 30, 2013

দেওবৰীয়া চিঠি


আপুনি বাৰু হোষ্টেলত জুনিয়ৰ হৈ কেতিয়াবা দিন পাৰ কৰিছেনে???
................................................................................................

মই যেতিয়া হোষ্টেলত জুনিয়ৰ আছিলো তেতিয়া একদম সৰুফুটীয়া আছিলো। সকলোৱে মোক পোৱালি বুলি মাতিছিল। যি কোনো কামতে অই পোৱলি এইফালে আহ, অই পোৱলি সেইফালে যা মুঠতে মোৰ ৰক্ষা নাছিল। দোকানৰ পৰা চাদা, চিগাৰেট, চাবোন, চেম্পুৰ পৰা আদি কৰি দাদা সকলে বাইদেউ সকলক লৈ ৰেষ্টুৰেন্তত খাবলৈ যাওতে পিন্ধি যোৱা কাপোৰ যোৰলৈকে ইস্তি কৰি সকলো মইয়ে আনি দিব লাগিছিল। তাতোতকৈ ডাঙৰ কথাটো কি জানেনে মই সেই সময়ৰ বিখ্যাত পিয়ন আছিলো। দাদা সকলৰ প্ৰেম পত্ৰবোৰ গাৰ্লচ হোষ্টেলত মইয়ে বিলাব লাগিছিল। এনে কামবোৰ কৰিব লগা হোৱাত ভাবিছিলো যে আগৰ জনমটোত চাগে বৰ ডাঙৰ পাপ কৰিছিলো আৰু এতিয়া তাৰ ফল ভোগ কৰি আছো। যি কি নহওক “ডাঙৰক সন্মান কৰিব লাগে, ডাঙৰৰ কথা শুনিব লাগে” জাতীয় আদৰ্শৰে অনুপ্ৰানিত হৈ যিমান পাৰি সকলো কৰি গৈছিলো।

সেই সময়ৰ আটাইতকৈ জনপ্ৰিয় প্ৰেম আছিল ৰঞ্জনদাৰ। ৰঞ্জনদা আৰু ৰশ্মিবাৰ প্ৰেম বোলে ইমানেই সাংঘাটিক আছিল যে জংকি-পানৈ, ৰোমিঅ-জুলিয়েট, শিৱ-পাৰ্বতী আদি প্ৰেম বোৰেও হেনো সিহতৰ প্ৰেমৰ ওচৰত হাৰ মানিছিল। কলেজৰ গছ বনবোৰও হেনো সিহতৰ প্ৰেমৰ কথা গম পাইছিল। আৰু ৰঞ্জনদাৰ সেই বিখ্যাত প্ৰেমত প্ৰধান অনুঘটক আছিল এই অভাজন কিয়নো সিহতৰ সকলো প্ৰেম পত্ৰ মোৰ দ্বাৰাই পৰিবেষিত হৈছিল।

ৰঞ্জনদা আৰু ৰশ্মিবাৰ প্ৰেমৰ এটা বিশেষ বিষেষত্ব আছিল ৰঞ্জনদাই প্ৰ্তি দেওবাৰে লিখা তেজৰ চিঠিখন। এই প্ৰেম বোলা বস্তুটো কিন্তু বৰ আচৰিত দেই। কোনোবা ৰোগী এজনক প্ৰয়োজনত অকনমান তেজ দিব লগা হ’লে চিঞৰ বাখৰ লগোৱা ল’ৰা এটাও যদি প্ৰেমত পৰে সিও কিন্তু গাৰ্লফ্ৰেন্দ লৈ চিঠি লিখিবলৈ তেজ উলিয়াবলৈ অকনো কেৰেপ নকৰে। মোৰো বিৰাট ভাল লাগিছিল ৰঞ্জনদাহতৰ প্ৰেমক। মইয়ো ভাবিছিলো যে মই যাক ভাল পাম তাইলৈয়ো তেজেৰে চিঠি লিখিম।

ৰঞ্জনদাৰ সেই তেজেৰে লিখা চিঠি খনৰ কাৰণে গাৰ্লচ হোষ্টেলৰ ছোৱালীবোৰে হেনো ৰশ্মিবাক বহুত হিংসা কৰিছিল। কৰিবতো; নিজৰ গাৰ তেজেৰে কাৰোবালৈ চিঠি লিখাটো সৰু কথা নেকি?? ৰশ্মিবা কিমান লাকি হ’ব লাগিব!!

তেনেদৰে মই প্ৰতি দেওবাৰে দুবাল্টিমান পানী দি ৰন্ধা হোষ্টেলৰ সেই ব্ৰইলাৰ মাংসৰ জুতি লগাই খুৱা ভাত সাজৰ পাছতেই বিখ্যাত তেজেৰে লিখা চিঠিখন লৈ গাৰ্লচ হোষ্টেলৰ সন্মুখত অলপ সময় পাৰ কৰিব লগা হৈছিল। কিন্তু কোনোবা এটা অক্তোবৰ মাহৰ দেওবাৰৰ আবেলি ৰঞ্জনদাই মোক এখন নৰ্মেল চিঠি দি গ’লহি। মোৰ সেইদিনা আচৰিত হোৱাৰ পাল। “আজি আকৌ কি হ’ল”। সেইদিনা গাৰ্লচ হোষ্টেললৈ যাবলৈ মন যোৱা নাছিল। হ’লেও কিবা চাগে প্ৰেমত সচৰাচৰ উপলব্ধ মান আভিমান বুলি ভাবি চিঠি খন দি আহিছিলো।

সেইদিনা বিনা তেজৰ চিঠিখন লৈ আমাৰ হোষ্টেলৰ চিনিয়ৰ সকলৰ মাজত এটা মিহি পয্যালোচনা চলিছিল। আমিও আচৰিত হৈ চিঠিখনৰ কথাকে পাতি পাতি ৰান্ধনি ঘৰৰ ওচৰৰ কুৱাটোত সন্ধ্যা হাত মুখ ধুই আছিলো। আমাৰ কথাবোৰ শুনি আমাৰ হোষ্টেলৰ ৰান্ধনি বৰাদাই হঠাৎ মোক একাষৰীয়াকৈ মাতি আনিলে। “আজি ৰঞ্জনে কিয় তেজেৰে চিঠি লিখিব নোৱাৰিলে জানানে?”, বৰাদাই মোক সুধিলে। মই নাজানো বুলি কোৱাত বৰাদাই ক’লে, “কিয় পাহৰিলা নেকি বাৰ্ডফ্লুৰ কাৰণে আজি দিনত হোষ্টেললৈ ব্ৰইলাৰ অনা বন্ধ আছিল বুলি??”। বৰাদাৰ কথাষাৰ শুনাৰ পাছত মোৰ ভৰিৰ তলৰ পৰা পৃথিবী খন নাইকিয়া হোৱা যেন লাগিছিল।

No comments:

Post a Comment