ঘটনাটো কেইদিন মান আগৰ। সিদিনা জুৱেল আহিছিল
গুৱাহাটীলৈ। সি মোৰ আটাইতকৈ ভাল বন্ধু। তাৰ চাকৰি অ’ এন জি ছিত, সি যোৰহাটত থাকে। কিবা
এটা কামৰ কাৰণেহে গুৱাহাটীলৈ আহিছে। সি যোৰহাটৰ পৰাই ফোন কৰি ক’লে যে দিনৰ ২ টাত আই
এচ বি টি পাবহি। গতিকে মই টাইমত ৰৈ থাকিব লাগিব। কথামতেই মই একদম টাইমত ৰৈ আছো আৰু
যথাসময়ত সি আহি পালেহি। তাক বাইকত উঠাই লৈ ৰুমলৈ যাও বুলোতেই সি অলপ গুৱাহাটী খন ফুৰি
যাও বুলি ক’লে। মইয়ো ঠিক আছে বুলিকৈ জালুকবাৰীৰ ফালে বাইক ঘুৰালো। তাক বহুত দিনৰ পাছত
লগ পাইছো। এনেও মই অলপ বেছি কথা কও তাক লগ পোৱাৰ পৰা একেৰাহে মোৰ মুখ খন বাজি আছে।
আজিকালি চব দেখোন হ’ট টপিক। যিমান পাতিলেও শেষ নহয় কথাবোৰ। আমি দেশৰ ৰাজনীতিৰ প’ৰা
আৰম্ভ কৰি গুৱাহটীৰ ধুনীয়া ছোৱলীবোৰলৈকে কাকো বাদ নিদিলো।
কথা পাতি পাতি আমি কেতিয়া আহি গনেশগুৰি
পালোহি গমেই নাপালো। ফটকৈ মনত এসাজ জুতি লগাই খোৱাৰ ইচ্ছা জন্মিল। ভাবিলো যেতিয়া আৰু
ৰবলৈ নাই। ছলমান খানৰ “এক বাৰ কমিটমেন্ট কৰ দিয়া টু অপনে আপ কা ভি নেহি চুনতা হো” টাইপৰ
আদৰ্শৰে অনুপ্ৰানিত হৈ গনেশগুৰি বজাৰত সোমালো, মিছন হাহ আৰু কোমোৰা। হাহ বেপাৰীৰ লগত
অসংখ্য শব্দৰ শৰ প্ৰয়োগ কৰি শেষত এটা হাহ লৈ ৰুম পালো। লগে লগে মই যাবতীয় যা যোগাৰ
কৰাত লাগি গলো। জুৱেলে হাত মুখ ধুই লৈ মই কি কৰি আছো এবাৰ নিৰীক্ষণ কৰিলে। মই মনপুতি
কামত লাগি থকা দেখি মোক আমনি নাকৰো বুলি ভাবি সি তাৰ গাৰ্লফ্ৰেন্দক দৈনিক আপদেট দিও
বুলি তাৰ ম’বাইলটো বিচাৰিলে। ভালেমান সময় ধৰি বিচাৰি তাৰ ম’বাইলটো নাপায় মোক জনালে।
মই মোৰ ম’বাইলটো উলিয়াই তাৰ নম্বৰটো ডায়েল কৰিলো। “ইচ লাইন কি ছভি ৰউট আভি ব্যস্ত হে,
কৃপায়া থ’ৰি দেৰ বাদ কুছিছ কিজিয়ে” বুলি বাইদেউ জনীয়ে কোৱাত লাইনটো কাটি দিলো। আকৌ
লগালো। এইবাৰ ৰিং হৈছে। ক্ৰিং ক্ৰিং কৰি বহুত সময় বাজি থাকিল। দুয়োটাই ৰুমৰ ভিতৰত ক’ৰবাত
তাৰ ৰিংটনটো শুনা পাও বুলি চুক কোণবোৰ পৰীক্ষা কৰিলো। ক্ৰিং ক্ৰিং শেষ কৰি আকৌ বি এছ
এন লৰ বাইদেউৱে কথা কবলৈ আৰম্ভ কৰিলে কিন্তু তাৰ ম’বাইলৰ ৰিংটনটো ক’তো নুশুনিলো। ধিপিং
কৈ মনলৈ ভয় এটা সুমাই আহিল। ক’ৰবাত পৰি অহা নাইটো। এক সপ্তাহ মান আগত ৪১,০০০ টকা দি
সি ছেমছাং এছ ৪ ম’বাইলটো কিনি মোলৈ নতুন ম’বাইল এটা কিনিলো বুলি ফোন কৰা কথাটো মনলৈ
আহি গ’ল। “বজৰং বলীকি জেই”, “শনি দেৱ কি জেই” ফটাফট যিমান দেৱতাৰ নাম মনলৈ আহে সকলোকে
এবাৰ শ্মৰণ কৰি আকৌ এবাৰ তাৰ নম্বৰটো ডায়েল কৰিলো। অলপ সময় ৰিং কৰাৰ পাছত কোনোবা অচিনাকি
মাতেৰে এজনে “হেল্ল’” বুলি ক’লে। মুখলৈ অলপ পানী অহা যেন লাগিল। মই যিমান পাৰো সিমান
মিঠা মাতেৰে কথা পাতিবলৈ আৰম্ভ কৰিলো।
:
হেল্ল’, “দাদা মই বেলতলাৰ পৰা কৈ আছিলো, মবাইলটো মানে মোৰ আছিল”, মই ৰিপ্লাই দিলো।
:
“অ’ মই বৰা চাৰ্ভিছৰ ওচৰত পৰি থকা দেখি ৰাখি থ’লো”, মানুহজনে ক’লে।
মই
ভগৱানক খৰধৰকে “থেংক ইউ” এটাকে দি দিলো কিয়নো ম’বাইলটো ৰাস্তাত পৰি আহিছিল যদিও ভাল
মানুহ এজনৰ হাতত পেলাই দিছে।
:
“দাদ মই আপোনাক ক’ত লগ পাম, মানে ম’বাইলটো ল’ব লাগিছিলতো”, মই ক’লো।
:
“এহ আপুনি এটা কাম কৰক”, মানুহ জনে আৰম্ভ কৰিলে। “মোক এটা ভাল ম’বাইলৰ দৰকাৰ হৈ আছিল
এইটো মইয়ে ৰাখি থৈ দিও আপুনি বেলেগ এটাকে কিনি ল’ব । ছিমটো বাৰু ইউজ নকৰো, মই ভাঙি
পেলাই দিম আৰু মোলৈ ফোন চোন কৰি নাথাকিব”, মানুহ জনৰ স্পষ্ট কথা।
কথা
কেইটা শেষ হোৱালৈ মোৰ মুৰটো আচন্দাই আহিল। কি যে দিন আহিল। এনেকোৱাও মানুহ থাকেনে বাৰু!
দুয়োটাই বহুত সময় এটা শব্দ নকৰাকৈ বহি থাকিলো। সেইদিনা আৰু জুতি লগাই খোৱা নহ’ল। ভগৱানলৈয়ো
খং এটা উঠিছিল, কিয় বাৰু জুতিৰ এসাজটোত বিজুতি লগাব লাগে????
No comments:
Post a Comment