আজি "আমাৰ অসম"ত (০১-০৬-২০১৩) শিক্ষামন্ত্ৰীলৈ এগৰাকী অসহায় ছাত্ৰীয়ে লিখা মুকলি চিঠি খন পঢ়িলো। মনতো বেয়া লাগিল। সচাকৈ শিক্ষামন্ত্ৰী মহোদয়ে আমাৰ শিক্ষা ব্যৱস্থাটোক সঠিক দিশত আগুৱাই নিব পাৰিছেনে ? "ছেবা"ই আমাৰ ছাত্ৰ ছাত্ৰী সকলৰ জীৱনক লৈ হেতালি খেলা বন্ধ কৰিব পাৰিবনে ? উত্তৰ বহী গৰুৱে খোৱাৰ পৰা বচাব পাৰিলেই বা চি বি এচ ই তলৈ দুদিন আগত ৰিজাল্ট দিলেই শিক্ষা ব্যৱস্থাৰ উন্নতি নহয়। মোৰ যিমান দুৰ মনত পৰে ছাত্ৰ ছাত্ৰীয়ে শিক্ষামন্ত্ৰীলৈ চিঠি লিখাৰ দৰে ঘটনা আগতে হোৱা নাছিল। যি কি নহওক "ঋত্বিকা ৰয়" লৈ বহুত ধন্যবাদ জনাইছো। মোৰো জানিব মন গৈছে যে শিক্ষামন্ত্ৰীৰ নিজৰ ল'ৰা ছোৱালী ছেবাৰ অধীনৰ স্কুলত পঢ়ি আছে নেকি আৰু যদি পঢ়ি আছে সিহতি যদি ০.০০১ % ভুলৰ মাজত পৰে তেতিয়া কি ব্যৱস্থা লব ? তোমাৰ এই সাহসী চিঠিখনে পৰিবৰ্তন আনিব বুলি আশা কৰিছো।
Friday, May 31, 2013
Wednesday, May 29, 2013
“হায় !!!! মোৰ কপাল”
সিদিনা ১১ অক্টোবৰৰ আবেলি অফিচৰ পৰা ৰুমলৈ (বেলতলাত থকা ভাৰাঘৰলৈ) আহি আছো। মোৰ অফিচ বৰাগাৱত হোৱা বাবে সদায় হাইৱে (নং ৩৭) হৈ
আহো। এটা বিশেষ কাম থকাৰ বাবেহে সেইদিনা চিটিৰ মাজেদি আহিব লগা হল। দিনতো অফিচত গাধ
খাটন দি ৰুমলৈ আহোতে বৰ ভাগৰ লাগে তাতে অভাৰ টাইম দিউটি থাকিলে মনটো মৰি যায়। বাইক
খন ২০ কি. মি./ প্ৰ্তি ঘন্টা মান স্পীডত চলাই আহি আছো, মনতে ভাবি আহিছো ৰাতিলৈ কি ৰান্ধিম।
সন্ধিয়া সময়ত মানুহৰ সাংঘাতিক ভিৰ হয়। এইতো সময়ত জি. এছ. ৰোডত (G. S. Road) অহা যোৱা কৰাতো বৰ দিগদাৰ। তথাপিতো সোনকালে
ৰুম গৈ পোৱাৰ অশাত লাহে লাহে আহি আছো।
হঠাৎ পাচফালৰ পৰা চাইৰেন বজাই আহিল কনভয়
এটা। কনভয়টো বেছি ডাঙৰ নহয়। ততাতৈয়াকৈ দেশৰ ৰক্ষক আহিছে বুলি চাইড দিবলৈ যত্ন কৰিলো।
তেখেত সকল বৰ ব্যস্ত মানুহ আমাৰ দৰে জামত ফচি থাকিব নোৱৰে। বহুত কাম থাকে (?)। মানুহৰ
ভিৰ ফলি যেনেতেনে অকনমান ঠাই উলিয়াই চাইড দিওতে মোৰ অলপ দেৰি হৈ গল। তেনেতে দেখো প্ৰ্থম
ৰখীয়া গাড়ীখন (Escort
Car) মোৰ একেবাৰে কাষ পালেহি।
লগে লগে গাড়ীৰ পৰা মাত আহিল, “অই চাইড হৈচ নাই” আৰু দুই এটা তেখেতলোকৰ তথা কথিত মৰমত
মতা শব্দ (?)। মই যিমান পাৰো সিমান ৰাস্তাৰ কাষলৈ যাবলৈ যত্ন কৰিলো কিন্তু ইমান ভিৰ
মই চাইড দিব পৰা নাই। এনেতে ৰখীয়া গাড়ীখনৰ পৰা এজনে হাতত থকা দীঘ্ল লাঠীডাল উলিয়ই লৈ
মোৰ হাতত তাৰ গাৰ জোৰেৰে এটা কোব মাৰিল আৰু মোক খুন্দা মাৰো যেন হৈ আগ বাঢ়িল।
মনতো অলপ সেমেকি উঠিল। হলেও দেশৰ ৰক্ষক
যাওতে খেলিমেলি কৰা কাৰণে কোবতো খালো বুলি নিজকে নিজে সান্তনা দিলো। তাৰ পাছত যি দেখিলো
মোৰ চকু কপালত উঠিল। গাড়ীখন দেখুন ৰৈ গ’ল আৰু গাড়ীৰ পৰা এগৰাকী মেডাম নামি “চ’হম ফেমিলি
চ’প” (SOHUM Family
Shop) লৈ সোমাই গ’ল। মই বাইক
খন ৰখাই সেইখিনিত ৰৈ থকা মানুহ এজনক সুধিলো, “এখেত কোন হয়?”। মানুহ জনে উত্তৰ দিলে,
“এইয়া আমাৰ..................চাৰৰ পৰিবাৰ”। মনতো বহুত বেছি বেয়া লাগিল। নিজৰ ওপৰত ধিক্কাৰ
জন্মিল। হায় মোৰ কপাল মই কি দেশত জন্ম ল’লো য’ত কৰোবাৰ পৰিবাৰে বজাৰ কৰিবলৈ গলেও আমি
চুপ হৈ ৰাস্তা এৰি দিব লাগে।
Subscribe to:
Posts (Atom)